কাইলৈ বাট চাই
কালিৰ ল’ৰালি আজিৰ ধেমালি
সময়ৰ সৈতে মিলি যায়।
মোৰ মনে তোকে বিচাৰিছে শৈশৱ
এবাৰ উভতি চা…
এবাৰলৈ হলেও মোৰ বৰ্তমানত
ঘুৰি ফুৰি গুচি যা।
তোৰ স্মৃতি পথত কৰিম প্ৰৱেশ,
নকৰিম যে কেতিয়াও শেষ
বাজিবলৈ ধৰিছে স্মৃতিৰ ৰোমন্থনী গীত
লগতে লৈ আহে যেন হৰ্ষ আনন্দৰে শীত
যাৰ শীতৰাই যেন মধুৰতা
চিৰকাল কঢ়িয়াই অনা সান্নিধ্যতা।
যত বতাহে আহি দি যায় মোক
তোক হেৰুৱাৰ এধানী শোক।
আকৌ আহিব নতুন সোণবৰণীয়া সুবাস
দিবহি পুনৰ আনন্দৰ আভাস ।
– – – – চুমি দাস