তৰাইনৰ যুদ্ধ ভাৰতৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা। কাৰণ এই যুদ্ধত ভাৰতৰ হিন্দু ৰজাসকলে একগোট হৈ পোন প্ৰথমবাৰৰ বাবে মুছলমান আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল। এই যুদ্ধ মহমদ ঘোৰী আৰু পৃথিৰাজ চৌহানৰ মাজত হৈছিল। মহমদ ঘোৰীয়ে পৃথিৰাজ ৰাজ্যৰ ভিতৰত থকা ভাতিন্দা দুৰ্গ অধিকাৰ কৰাক লৈ দুয়োপক্ষৰ মাজত সংঘাত হয়।পাঞ্জাৱৰ সীমামূৰীয়া অঞ্চলত হিন্দু মহিলাসকলৰ ওপৰত আৰম্ভ হোৱা অতিশয্য আৰু পাঞ্জাৱৰ পৰা অহা মুছলমান ভগনীয়াৰে ভৰি পৰা বাতৰি পাই পৃথিৰাজে ঘোৰীৰ বিৰুদ্বে যুদ্ধ ঘোষনা কৰে। 1191খৃঃত থানেশ্বৰৰ ওচৰৰ তৰাইন নামে ঠাইত সংঘটিত হোৱা যুদ্ধখনক তৰাইনৰ প্ৰথম যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত ঘোৰী পৰাজিত হৈ ভাতিন্দা এৰি পলায় যায়। অৱশ্যে ঘোৰীক পাঞ্জাৱৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কৰি নিদি এক ডাঙৰ কূটনৈতিক বিফলতাৰ পৰিচয় দিয়ে। ঘোৰীয়ে তলে তলে দ্বিতীয়বাৰ ভাৰত আক্ৰমণৰ বাবে প্ৰস্ততি চলায় খাকিল।তাৰ পৰিণাম স্বৰূপে প্ৰায় এবছৰৰ পাছত একে ঠাইতে দ্বিতীয়খন তৰাইন যুদ্ধ 1192চনত সংঘটিত হয়। এই যুদ্ধৰ ফলাফল ঘোৰীৰ পক্ষলৈ যায়। ইয়াৰ ফলস্বৰূপে 1206খৃঃত এজন দাস কুতুবঙদ্দিন আইবাকে দিল্লীত ৰাজধানী পাতি দাস বংশ প্ৰতিষ্ঠা কৰাৰ লগে লগে ভাৰতত স্থায়ী মুছলমান শাসন অংকুৰিত হয়।