ৰঞ্জন গোস্বামী
শৰৎ শৰৎ গোন্ধোৱা পুৱা এটা
বুকুত সাৱতি লওঁ মই ।
আধা বন্ধা কৱৰীত গুজি দিওঁ
তল সৰা মুকুতা এধাৰি।
তোমাৰ শোণিতত নে তোমাৰ অনুৰাগত
বিয়পি পৰে এপাহি শেৱালি?
মোৰ মন চোন গুঞ্জৰিত হয়
এজাক মধুকৰৰ গুঞ্জৰণত ।
কহুঁৱা কোমল ৰিব ৰিব এছাটি বাই
কানে কানে ক’লেহি মোক
চুই চোৱাৰ কথা তোমাৰ হিয়াখন মোকলাই ।
“”””””””””””””””””””””””””””””””””””””””””””””””””””””””””””””””””””””