0 00 1 min 4 yrs 183

যোৱা ১২ নৱেম্বৰত সমাপ্ত হোৱা উত্তৰ-পূৱ গ্ৰন্থমেলাই অসমীয়া গ্ৰন্থ জগতলৈ বিশেষ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ উত্তৰ-পূৱ ভাৰতৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত অনুষ্ঠিত  এই গ্ৰন্থমেলাত নতুন প্ৰজন্মৰ গ্ৰন্থই যথেষ্ট সহাৰি পোৱা দেখা গৈছে ৷ বিশেষকৈ কাব্যগ্ৰন্থৰ বহুল বিক্ৰীয়ে প্ৰকাশক আৰু লেখকসকলক নতুন সৃষ্টিৰ বাবে যথেষ্ট অনুপ্ৰেৰণা যোগাইছে ৷ এইক্ষেত্ৰত বিশেষভাৱে অনলাইন প্ৰচাৰ মাধ্যমে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে ৷ কিন্তু সেইবুলি আমি নৱপ্ৰজন্মই বিক্ৰীৰ প্ৰতি লক্ষ্য ৰাখি কিতাপ প্ৰকাশৰ প্ৰতিদন্দিতাত নামিলে সঠিক নহ’ব ৷ আমি লিখাতকৈ পঢ়াৰ তুলনা অধিক কৰিব লাগিব ৷ লগতে সাহিত্যৰ সদালোচনাত্মক গ্ৰন্থও প্ৰচুৰভাৱে অধ্যয়ন কৰিব লাগিব ৷ আমাৰ লেখাত নিজস্ব অগতানুগতিক শৈলী আৰু সমাজ জীৱনৰ প্ৰতিফলনৰ লগতে বিশেষ বাৰ্তা কাম্য ৷ নহ’লে সময়ৰ সোঁতত হেৰাই যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷
শুভেচ্ছাৰে…
দীপ হেষ্টিংছ বৰি
গোলাঘাটঃ নৱেম্বৰ, ২০১৯

Leave a Reply

Your email address will not be published. Required fields are marked *