0 00 1 min 4 yrs 195
     

     শতবৰ্ষ গৰকা উত্তৰ-পূৱ ভাৰতৰ বৃহত্তম ভাষা-সাহিত্যৰ  ৰাজহুৱা অনুষ্ঠান অসম সাহিত্য সভাৰ পৰৱৰ্তী ২০১০-২০১২ কাৰ্যকালৰ বাবে আগবাঢ়িছে ৷ সংবিধান অনুসৰি ইতিমধ্যে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইগৰাকী সাহিত্যিকে মনোনয়ন দিছে ৷

     অসম সাহিত্য সভাৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনে ইতিমধ্যে প্ৰাৰ্থীসকলৰ চূড়ান্ত নাম তালিককাৰ নাম ঘোষণা কৰিছে ৷ সেই অনুসৰি সভাপতিৰ পদত সাতগৰাকী প্ৰাৰ্থী ড° বসন্ত কুমাৰ গোস্বামী, ড° কৰবী ডেকা হাজৰিকা, ড° জয়শ্ৰী গোস্বামী মহন্ত, পখিলা কলিতা, সূৰ্যকান্ত হাজৰিকা, প্ৰহ্লাদ চন্দ্ৰ তাছা ৷ সেইদৰে উপ-সভাপতি পদত চাৰিগৰাকী প্ৰাৰ্থী বসন্ত কুমাৰ শৰ্মা, মণালিনী দেৱী, পদুমী গগৈ আৰু ৰতি মোহন নাথ ৷ প্ৰধান সম্পাদকৰ পদত তিনিজন যাদৱ চন্দ্ৰ শৰ্মা, হৰেন্দ্ৰ কলিতা আৰু দেৱজিৎ বৰা ৷
     সমূহ প্ৰতিদন্দী সাহিত্যিকলৈ আমাৰ জোনাকৰ শুভেচ্ছা জনালোঁ ৷ যিগৰাকীয়েই বিজয় নহওক কিয়, বাকী সকলৰ দিহাপৰামৰ্শৰে অসমীয়া ভাষা সাহিত্যৰ বাবে নিজকে উৎসৰ্গা কৰক ৷ তৰুণ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়ক ৷ সাহিত্য সভাৰ ওপতৰ আৰোপিত কলংক অভিযোগ মচি আদৰ্শৰ কাম কৰক ৷  অসমীয়া সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ বিশ্বদৰবালৈ লৈ যাওক ৷ সাহিত্য আকাশত জোনাকৰ আঁচল উৰি থাকক অনন্তকাললৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *