0 00 5 yrs 89

  মাৰ জণ্ডিছ হৈছে
লাহে লাহে
হালধিয়া হৈ আহিছে চকুযোৰ

মাৰ তেজত
বিষাক্ত ভাইৰাচ হেপাটাইটিচ
কিবা এটা কৰিব লাগিব
গোটেই শৰীৰটো হালধীয়া হোৱাৰ আগতে
বিকল হৈ পৰাৰ আগতে মাৰ যকৃত
কিম্বা কলিজা

কিবা এটা কৰিব লাগিব

কাষৰৰ সেউজীয়াই
সুদুৰৰ পৰা নীলা
কিবা এটা কৰিব লাগিব
মই মোৰ বাবে সেউজীয়া হৈ থাকিবলৈকে
নীলা হৈ থাকিবলৈকে আপোনাৰ চকুত
কিবা এটা কৰিব লাগিব
মোৰ মাক যদি আপুনিও
আপোনাৰ মা বুলি ভাৱিছে
তেন্তে আহক
মাৰ শৰীৰৰ এই ভাইৰাচ আমি প্ৰতিৰোধ কৰো
তৈয়াৰ কৰো এক শক্তিশালী এণ্টিভাইৰাছ
প্ৰতিৰোধ কৰো
এই বিষাক্ত ভাইৰাচ সোমোৱাই দিয়া সকলক
একগোট হৈ সকলোৱে
এইয়াই উচিত সময়
এইয়াই সঠিক সময়
উপপাঠ্যঃ
গহৰাকৈ গজা শইচত গৰু লগাই দিয়াই ভাল !

Leave a Reply

Your email address will not be published. Required fields are marked *