( ১)
প্ৰেম
বাটৰ কাষৰ বগৰী
ক’ব বা কেতিয়া গজি উঠে !
(২)
প্ৰেম
প্ৰতীক্ষাৰ এজাক বৰষুণ
ইপাৰে মই সিপাৰে তুমি
মাজত জুৰুলা
তুমি গোৱা গান মই লিখা কবিতা !
(৩)
প্ৰেম
ডায়েৰীৰ আধালিখা এখিলা পাত
বুকুৰ আলমিৰাত পৰি ৰোৱা
যৌৱনৰ আদিপাঠ !
– সাগৰ