মৃদাঙ্ক দিহিঙ্গীয়া
বাঁহনিৰ দাতিয়ে দাতিয়ে কেঁচা বাটটি
অহা যোৱা সুদীৰ্ঘ বছৰ জুৰি
নীলামত পাইছিলোঁ এটি সুন্দৰ উপহাৰ
নাম দিছিলা জোনাকত গলা বৰষুণ।
নঙলা মুখৰ বাঁহৰ জেওৰা
সুলুকিব খোজোতেই থাপ মাৰি ধৰা
এজাক বৰষুণ আহে
তিতিবুৰি আদিম বাসনাত মত্ত।
এটা যুগ গ’ল সেই বৰষুণ জাকৰ
বেলিও আহিল পোহৰো পৰিল
শুকাই গ’ল সকলো
ভ্ৰম বকো মাজে মাজে আকাশলৈ চায়।
সপোন চাগে এনেকৈয়ে ভাগে
হৃদয়ত আঁচোৰ পৰিলে
আজি কাষত কোনো নাই
খং, ৰাগ, অভিমান দূৰলৈ গুচি যায়।
ঢালি দিলা এবুকু গৰল মদিৰা
পান কৰিলো অজানিতে
ধৃলিসাৎ আশাৰ সঞ্চাৰ
বৈ আহে দুধাৰি কোনেও নেদেখাকে।