0 00 1 min 4 yrs 222

সমীৰ ভূষণ বৰা

                           
যি দিন ধৰি
সোণালী চৰাইৰ পাখিত ধৰি উৰি আহিলোঁ
দুখৰ পৰা উঠি আহিলোঁ ঠিকেই
সুখত আছোঁনে ? উত্তৰহীন হ’লোঁ।‌
সোণালী চৰাইৰ প্ৰিয়- মেঘৰ চকু
সেয়ে মোৰো প্ৰিয় হৈ পৰিছে বৰষুণ
অথচ মই জানিব পৰাই নাই-
সোণালী চৰাইৰ মেঘৰ চকুত
সুখ নে দুখৰ বাৰিষা অনবৰতে !
সোণৰ গৰ্ভত সোণৰ সপোন
সোণৰ চকুত সোণৰ চকুলো
সোণৰ মুখত সোণৰ চামুচ
সোণৰ পাখিত সোণৰ সময়
সোণালী হওক বুলি কলিজাৰ আটাইবোৰ হেপাঁহেই
তেওঁৰ নাম থলোঁ ‘সোণালী চৰাই’
         

Leave a Reply

Your email address will not be published. Required fields are marked *