(১)
তোমাৰ প্ৰতাৰনাত
অহংকাৰি হ’লো
উচুপিছে আইয়ে
পিতাইও সোমাই পৰিছে
চিন্তাৰ আভোৰত,
অস্বক্লান্ত ত বহি
অস্তমিত সূৰুযক বুকুত বান্ধি বৈ যোৱা
বুঢ়া লুইতৰ জলৰাশিক চাই আছোঁ
নিমাতে নিতালে বৈ যাব সূৰুয
এন্ধাৰ নামিব
অচিনাকি চৰাই জনীৰ বিকট উৰুলি
উফ……..
শেলুৱৈ ধৰিছে
মোৰ কেঁচা তেজেৰে তিতি থকা পাথৰ বোৰত
ঘাঁহ গজিছে
মোৰ শুকান হাড়ত,
জিৰ জিৰ শব্দ
ৰিব ৰিব বতাহ
স্তব্ধ অস্বক্লান্ত ।
(২)
তোমাক দেখিছিলোঁ আজি
লগত সেই জন কোন আছিল!
মোক অহংকাৰি হ’বলৈ
বাধ্য কৰা জন নে!
তুমি আজিও ৰঙাৰ আভোৰত আহিছিলা
মোৰ কাষেৰেই
লুইতত বিলিন হোৱা সূৰুজক
আঙুলিয়াই তেওঁক দেখুৱাইছিলা,
মোকতো দেখা নাছিলা ,
মই তাতেই বহি
তোমাক চাইছিলোঁ
অস্বক্লান্তত,
আকাশত চিলনী কেইজনী দেখিছিলা!
সিহঁত মোৰ কাষৰলৈকেই আহিছিল মোৰ কেঁচা তেজেৰে
তিতি থকা পাথৰ বোৰত ৰৈ
সিহঁতে মোক ভগাই লৈছিল
চাৰিও দিশে
জিৰ জিৰ শব্দ
ৰিব ৰিব বতাহ
আৰু……
স্তব্ধ অস্বক্লান্ত ।
::অবিনাশ::