0 00 1 min 4 yrs 238

১)জীৱন

শিলত খোদিত ভাস্কৰ্য্য 
দুবৰিত মুকুতাৰ উত্তাল বাসনা
ওঁঠত মৰহা ফুলৰ আতৰ ঢালি
দুচকুত অশ্ৰুৰ উত্তাল নাচোন বহুৱাই
তুমি কিয় ক’বা ? 
জীৱন অনাত্মা বুলি । 
2) প্ৰেম
গোলাপৰ কাঁইটে দিয়া আঘাত 
নৈয়ে শিলক দিয়া জখম
তোমাৰ চকুত চকু থলোঁ 
বুকুত সৌৰভ লাগি উত্তাল সপোনৰ গোন্ধ । 
৩)ক্ষমা
ফুল এপাহ ছিঙি মোহাৰি দিলোঁ 
মোৰ দুহাতত আমোলমোল গোন্ধ । 
৪)মৃত্যু
নৈৰ অন্তিম ঠিকনা
অস্তৰাগৰ লালিম তৰংগত সৰি পৰা
এখিলা পাত
ডাৱৰৰ সলিল সমাধি ।
( পাপু হাজৰিকা, 
বকতা নেমুগুৰি, শিৱসাগৰ  ।

Leave a Reply

Your email address will not be published. Required fields are marked *