মাইনী ইলা শইকীয়া
ভাবিছিলো তুমি আকাশ হ’বা
এআকাশ আশ্বাস দি
মোৰ এলান্ধুকলীয়া জীৱনত
তৰাৰ ফুল ফুলাবা ৷
ডেউকা মেলোতেইচোন
আকাশখনেই খহি পৰিল
ডেউকা ভঙা চৰাইৰ দৰে
মই স্তব্ধ হ’লো ৷
আকাশখন লাহে লাহে
বাৰিষাৰ খৰস্ৰোতা নৈ হ’ল
সোঁত কোনফালে ধাৱমান
আৰু সোঁতৰ বুকুৱেদি
কি ভাহি যায়
মোৰ বাবে বুজাই
টান হৈ পৰিল ।।