স্বাধীনতাৰ ৭৫ বছৰ পাছতে ৰাইজৰ আশা পূৰণ কৰিলে বিধায়কে ।
উত্তৰ অভয়াপুৰীৰ বালাৰচৰ মাত্ৰাঘোলা মানাহ নদীৰ ওপৰত বাঁহৰ সাকোঁ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰিলে বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে ছেকান্দাৰ প্ৰধানীয়ে।
বঙাইগাওঁ জিলা উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালাৰচৰ মাত্ৰাঘোলা মানাহ নদীৰ ওপৰত বাঁহৰ সাকোঁ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰিলে বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে বালাৰচৰ মাত্ৰাঘোলা গাওঁ পঞ্চায়ৰ সভাপতি ছেকান্দাৰ প্ৰধানীয়ে।স্বাধীনতাৰ ৭৫ বছৰ ধৰি যমৰ যাতনা ভূগিছিল কেইবাখনো গাঁৱৰ ৰাইজে লগতে কেইবাখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। অৱশেষত ৰাইজৰ আশা পূৰণ হোৱাৰ দিশত।
বিধায়ক আব্দুল বাতেন খন্দকাৰৰে শিক্ষাৰ ক্ষেত্ৰত আগভাগ লব বুলি ৰাইজৰ আগত মন্তব্য কৰে। অতিশীঘ্ৰে সমষ্টিৰ কেন্দ্ৰবিন্দু বালাৰচৰ কীৰ্ত্তনপাৰাত এখন মহাবিদ্যালয় খুলিব বুলি ৰাইজৰ আগত মন্তব্য কৰে ।
সংবাদ দাতাঃ আব্দুল কৰিম