ফাৰহান জাৱেদ
তোমাৰ বুকুত সৰিয়হ ফুলিছে
আৰু
একাকিত্বৰ পোৰা গোন্ধ এটা ভাঁহি আহিছে ৰৰৈয়া বতাহত
জানো ক’ত আছা তুমি!
তুমিহীনতাত ব্ৰহ্মপুত্ৰ চাপৰিৰ এডৰা সৰিয়হ
চকুত চাঁত মাৰি ধৰিছে….
চাপৰিখন আমাৰ আছিল
অচিন ধুমুহাৰ দুখন হাতে টানি নিলে
নতুনৰ অহংকাৰে খেতিডৰা উচন কৰিলে
গাভৰু নৈখনৰ বেহিচাব মহিমা
এই পানী
এই মাটি
খহেও খলপা খলপে
মই গাভৰুপৰীয়া মাছুৱৈ
তুমি মৰিগাঁওৰ লোকগান…