0 00 3 yrs 206
 সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। 
ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ত্ব শাসন আৰু জনজাতিকৰণৰ দাবীত শনিবাৰৰ এই প্ৰতিবাদ।
 ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী পালন।
 কেৱল নিৰ্বাচনৰ আগত জনজাতিকৰণৰৰ ৰাজনীতি পৰিহাৰ কৰি অতি শীঘ্ৰে চুতীয়া সকলক জনজাতিকৰণ কৰাৰ দাবী তুলিলে সংগঠনটোৱে।
২০২১ৰ পূৰ্বে চুতীয়া সকলক জনজাতিকৰণ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি সকিয়াই দিয়ে চুতীয়া ছাত্ৰ সন্থাই ।
ইফালে আছু আৰু এ জে ওৱাই চি পি প্ৰস্তাৱিত নতুন দলটোলৈ চুতীয়া ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰে । 
কিন্তু নতুন দলটোত চুতীয়া ছাত্ৰ সন্থা থাকিব নে নাই সেই কথা এতিয়াও সিদ্ধান্ত লোৱা নাই।
 তদুপৰি নতুন দলে চুতীয়া ছাত্ৰ সন্থাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলিও কয় সংগঠনটোৰ বিষয়ববীয়াই ।
বৰপথাৰৰ পৰা মাণিক শৰ্মাৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *