0 00 1 min 3 yrs 214
আজি মহা সপ্তমী। চৌদিশে দেৱী দূৰ্গাৰ পূজা অৰ্চনা।
 কিন্তু সৰুপথাৰত দেখা গল এক সম্পুৰ্ণ বিপৰীত ছবি। 
সৰুপথাৰ নগৰৰ ২ নং ৱাৰ্ডৰ “পূৱ সৰুপথাৰ সাৰ্বজনীন দূৰ্গা পূজাত” নাই কোনো ধৰণৰ জাক জমকতা। 
অতি সাধাৰণ প্ৰস্তুতিৰে আয়োজন কৰিছে শাৰদীয় দূৰ্গা পূজা। 
দেৱী দূৰ্গাৰ ফটো স্থাপন কৰি আৰম্ভ কৰিছে উক্ত পূজাভাগ।
পূজা সমিতিৰ সদস্যই জনোৱা মতে ক’ৰ’না মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰিয়েই এনে আয়োজন । 
১৩ বছৰত ভৰি দিয়া সৰুপথাৰ নগৰৰ এই বৃহৎ পূজাভাগত প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ আগমন ঘটে। 
সেয়েহে চৰকাৰে বান্ধি দিয়া ক’ৰ’না প্ৰট’কল সম্পূৰ্ণ মানি চলাটো সম্ভৱ নহ’ব পাৰে বুলি তেওঁলোকে উল্লেখ কৰে।  
 তাতে আকৌ কালিৰে পৰা  কিনকিনিয়া বৰষুণে সকলোকে জ্বলা কলা খোৱাইছে।
 কাৰো মনত নাই কোনোধৰণৰ উচাহ।
 বজাৰ সমাৰতো নাই কোনো বিশেষ ভীৰ।
 মুঠৰ ওপৰত ক’ৰ’না মহামাৰীৰ বাবেই সকলো উৎসৱ পাৰ্ৱন ম্লান পৰিল ।
মাণিক শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *