0 00 3 yrs 216

হঠাত বানপানীয়ে বুৰাই পেলালে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চল।এই দৃশ্য বঙাইগাওঁ জিলাৰ চেচাপানী গাঁৱৰ।ৰাতিপুৱাৰে পৰা গাওঁখনৰ মানুহৰ ঘৰৰ চোতাল, স্কুলৰ পদুলী সকলো বুৰাই পেলাইছে হঠাৎ অহা বানে।গাঁৱৰ আলিবাটতো একাঁঠু পানী।ৰাজ্যৰ বিভিন্ন অঞ্চলত পানীৰ অভাৱত খেতিপথাৰ চিৰাল ফাঁট দি থকাৰ সময়তে বঙাইগাঁও জিলাৰ চেচাপানী, জাৰাগুৰি, হুৰামাৰা আদি বহু অঞ্চলত বৰষুণ নোহোৱাকৈয়ে কেনেকৈ হব পাৰিলে বানপানী।আচলতে ভুটানৰ কুৰীশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলতে উফন্দি উঠিছে আই নৈ।যাৰ ফলত এতিয়া বঙাইগাওঁ জিলাৰ বিভিন্ন অঞ্চলত বানপানী।কিন্তূ পূৰ্বৰ দৰে প্ৰশাসনে এই বিষয়ত কোনো ধৰণৰ জাননী নিদিয়াৰ বাবেই ৰাইজে এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে ।অভয়াপুৰীৰ পৰা হিমাংশু দাস ডিংকুৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *