0 00 1 min 4 yrs 178

বোকাখাট,২৮/০২/২০

       কাজিৰঙাত অসমৰ হাৰ্টথ’ জুবিন গাৰ্গ ৷ কা বিৰোধী আন্দোলন থমকি ৰোৱা নাই ৷ পূৰ্ণ গতিত চলিব কা বিৰোধী আন্দোলন ৷ বিকল্প ৰাজনীতিৰ লগতে বিকল্প ৰাজনৈতিক দল খোলাৰ পোষকতা নকৰে জুবিন গাৰ্গে ৷ ৰাজনীতিত প্ৰবেশৰ মন নাথাকিলেও ৰাজ্যসভাৰ খালী হ’ব লগা আসনখনৰ বাবে জুবিনৰ নাম উচ্চাৰিত হোৱাত এতিয়াই একো ভৱা নাই বুলি মন্তব্য অসমৰ হাৰ্টথ’ জুবিন গাৰ্গৰ ৷
     V/O 1: যান্ত্ৰিকতাৰ পৰা আতৰি এক নিৰিবিলি পৰিৱেশত অসমৰ হাৰ্টথ’ জুবিন গাৰ্গ ৷ বৃহস্পতিবাৰে নিশা যাপন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ দাঁতিকাষৰীয়া ধনশিৰি ই’ক কেম্প নামৰ এখন ব্যক্তিগত ৰিজৰ্টত ৷ শুক্ৰবাৰে পুৱা কাষৰ পৰা কাজিৰঙাৰ মনোৰম পৰিৱেশ উপভোগ কৰাৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া বামুণ গাঁৱৰ মিছিং জনগোষ্ঠীৰ লোকসকলৰ লগতো মত বিনিময় কৰে ৷ সাংবাদিকৰে হোৱা কথোপকথনত জাতিদ্ৰোহী কা বিৰোধী আন্দোলন অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ বাবেহে আন্দোলনত কিছু স্থবিৰতা আহিছে বুলি মন্তব্য কৰে ৷ বিকল্প ৰাজনৈতিক দল খোলাতো সহজ কথা নহয় ৷ এটা ৰাজনৈতিক দল খুলিবলৈ বহুত টকাৰ প্ৰয়োজন আছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জুবিন গাৰ্গে ৷ বিকল্প ৰাজনৈতিক দলৰ বিষয়ে তেওঁ আছুকে ধৰি কাৰো সৈতে কথা পতা নাই বুলি ক’লে ৷ কা বিৰোধী আন্দোলন অব্যাহত ৰাখিলেও প্ৰত্যক্ষ ৰাজনীতিত প্ৰবেশ নকৰো বুলি স্পষ্ট মত হাৰ্টথ’ জুবিন গাৰ্গৰ ৷ ৰাজ্যসভাৰ খালী হ’ব লগা আসনখনৰ বাবে জুবিনৰ নাম উচ্চাৰিত হোৱাক লৈ সোধা সাংবাদিকৰ প্ৰশ্ন এতিয়াই এই বিষয়ে একো ভৱা নাই বুলি ক’লে জুবিনে ৷ ব’হাগক লৈ নতুন পৰিকল্পনা নাই যদিও ব’হাগত মঞ্চতেই বিহু গাব জুবিনে ৷ দিল্লীৰ হিংসাত্মক ঘটনাক লৈ একো মন্তব্য নকৰিলে জুবিনে ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *