মোৰ সপোন আছিল
চিনাকি হোৱাৰ দিনৰ পৰাই,
চিনাকি হোৱাৰ দিনৰ পৰাই,
এটি-দুটিকৈ সপোনেও মালা গুঠিছিল
প্ৰেমে গজালি মেলাৰ ক্ষণৰ পৰা
এটি-দুটি তৰাৰ সাধুকথা,
তোমাৰ অবিহনে কেতিযাওতো
দেখাই নাছিলো জোন-বেলি-তৰা
আৰু আকাশৰ নীলা ।
তোমাৰ মুখনিয়েই আঁকি দিলে
মধুৰ ক্ষণৰ মেলা,,
চিনাকি হোৱাৰ দিনৰ পৰা ।
যদিওবা আছিল অতীজৰ পৰা
ধৰাৰ বুকু গছ-বন-লতাৰে ভৰা
চৌপাশে চালো মাথো,
তুমি মৰম দিয়াৰে পৰা।