নৈৰ পাৰতে জন্ম
নৈয়েই মোৰ শৈশৱ
জীৱন যৌৱন
পিতাই আহুধানৰ খেতিডৰাত
এইবাৰ বানে আঁকি থৈ যায়
শুকুলা কেনভাছ
সিঁচৰিত হৈ পৰা আহুডৰা চপাওঁতে
আজন তোৰ প্ৰেমত পৰো
দুয়ো মৰং ঘৰৰ চাঙত বহি
গুণ গুণাইছিলো এফাকি ঐনিতম
এইবাৰ লৃগাঙত আকৌ লগপোৱা হেপাঁহেৰে
পিতাইক হাত খোজা কথা দি
“গৰুহালে লাগিমাং
মেনজকহালে লাগিমাং
যদি ঐনম…….”
তোৰবাবে বৈ থ’ম
তোৰে গাৰ জোখাৰে
আমাৰে প্ৰথম প্ৰেমৰ হেপাঁহৰ গালুক
মই ধনশিৰিপৰীয়া কনেঙ
বলিয়া বানে চুই যায় আমাৰ চাঙঘৰৰ মুধ
কিন্তু
হৃদয় মিচাং ডুবাব নোৱাৰে
তোৰে মোৰে।
পপী শইকীয়া