0 00 1 min 4 yrs 179

প্ৰেম গ্ৰহন
ঔঁম,,,,,,ঔঁম,,,,ঔঁম,,,,
ঔঁম প্ৰজাপতেয় নমহ,,,
এইয়া তোমাৰেই শুভদিনৰ হোমযজ্ঞৰ এটি শুভ লগন ।
শৈশৱত কানাইহঁতৰ পুখুৰীত বৰশীৰ চিপ জোকাৰা দিনটো
গ্ৰাস কৰিছে আজি নৱসুৰুজৰ কিৰনে।
বাৰীৰ ঢাপৰ আম জোপাৰ ঠেঙুনাত বহি সংগোপনে সৃষ্টি কৰা তোমাৰ মোৰ কথাবোৰ ,,
কোনেজানে এদিন সেইজোপা আমৰেই খৰিৰ জুঁইত ষ্মৃতিৰ সতে ছায় হব বুলি ।।
তোমাৰ পদূলিৰ বেলজোপা আৰু অপৰাজিতাৰ বাবে ,,
তুমিয়েই মালিনীৰ দায়িত্ব বুটলিছিলা নহয়,
সেয়ে আজি তাৰেই অধিকাৰ কাঢ়িলা
হোমযজ্ঞত পুষ্পাঞ্জলি অৰ্পনৰ ।।
___প্ৰেম প্ৰতিদান___
মইটো নাৱৰীয়াৰহে ল’ৰা
হয়তু তোমাৰ বাবেহে মৰমৰ সদাগৰ,
আৰু তুমিটো ,,,,,
কাইলৈ চহৰৰ বিখ্যাত এঘৰৰ জিয়ৰী বোৱাৰী।
এতিয়াও আৰু ,,,,,,
সপোনৰ ৰাজকুমাৰ হৈ তোমাক ৰাজকুমাৰী সজাব নাযাও ।
লাগিলে সংগীবিহিনৰ পিছটো, এইখন নদীৰ বুকুতে নাও মেলিম ,,
অচিনা ঘাট বোৰত সমস্ত সুখ  বিচাৰি।।
তোমাৰ অনুপস্হিতিৰ খবৰত দাঁতিৰ পাহাৰৰ পক্ষীবোৰেই গীত জুৰিব ,,,
 মোৰ আবেলিৰ বাঁহিৰ সুৰে সুৰে ।।
এই বিশাল ধৰাত ইয়াতকৈনো অধিক কি বিচাৰিম
মোৰ দৰেতো আৰু বহু আছে উপভোক্তা ৰূপে
পিছে তোমাৰ শুভক্ষনত 
উপহাৰ বুলি দিবলে মোৰ একেবাৰে হাত খালী ।
 সেয়ে চকুলো লুকুৱাই হলেও দিয়া প্ৰেমৰ প্ৰতিদানকে
ভাৱিবা এটা উল্লাসৰ হাঁহিয়েই  হৈছে মোৰ শ্ৰেষ্ঠ উপহাৰ ।।
  জিন্টু গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *