0 00 1 min 5 yrs 215
             ………………..(২ য় খণ্ড)  হৰেণ শইকীয়া
:তাৰ পিচত
       :হনিমুন এহ: নহয় মৌ-জোন ,……কাজিৰঙা, ৰংঘৰ , কাৰেংঘৰ , ব্ৰহ্মপুত্ৰ নৌকাত , চামেলি বুধুৱা হঁতৰ সেউজীয়া দলিচাত,|  ধলা-শদিয়া দলং পাৰ হৈ অৰুণাচলৰ শেলুৱৈ ভৰা পিচল বাটৰ সেউজীয়া জীৱনৰ লগত | ডিব্ৰুগড় বগীবিল দলংৰ পৰা সূৰ্যোদয় দেশৰ মনোমোহা বৰফ আৰু পানীৰ মিলনৰ দৃশ্য চাই চাই একা-বেকা বাটেৰে বৰফৰ মাজেৰে চীন সীমান্তৰ মেচুকালৈ যাম | তোমাৰ গাঁৱৰ মুকলি পথাৰৰ মুক্ত বতাহত , দুয়ো হাতত হাত ধৰি উমলিম ,কিমান যে মস্তি লাগিব হয় নে নহয় 
:তোমাৰ লাজ নাই
 :সচাঁ কথাত কিহৰ লাজ
:অন্য কথা নাই
 :আছে বহুত কথা ,সেইবোৰ পিচত পাতিম
:বেলেগ কথা পাতা
  :মই তোমাক বহুত কথা কলো,  শ্যেক্সপিয়েৰ নাটকৰ সংলাপ , কবিতা , শ্যেক্সপিয়েৰ স্মৃতি জড়িত ভি দি অ’ দিলো,  শ্বোৱান থিয়েটাৰ,  এলিজাবেথ থিয়েটাৰ  , হলিউদৰ নতুন চিনেমা  ,দ্বিতীয় বিশ্ব যুদ্ধৰ চিনেমা,  আদিকে কৰি এভন নগৰৰ প্ৰায় সকলো চিত্ৰকল্প দিলো | ন -ন কথাবোৰৰ সীমা অন্তই নাই |
        তুমিও অসমৰ প্ৰায় বিলাকেই  নৰকাসুৰৰ পৰা মা কামাখ্যাৰ অ’ লৌকিক শক্তি লৈকে | শ্ৰীমন্ত শংকৰদেৱৰ পৰা বিষ্ণু-জ্যোতি লৈ,  ফনী শৰ্মাৰ পৰা দূৰন্ত প্ৰেমিক নীলপৱন বৰুৱা লৈকে | ভূপেন দাৰ পৰা নাহিদ লৈকে | হস্তী কন্যাই কেনেকৈ গদাধৰ পাৰে পাৰে হাতীত উঠি গীত গায় হাতী ধৰে তাকো ক’লা | বিহু, পূজা, তোমালোকৰ.   সংস্কৃতি, কাজিৰঙাৰ চিত্ৰকল্প ,, মাজুলী সত্ৰীয়া  সংস্কৃতি, চাহ বাগানৰ ঝুমুৰ নৃত্য, মেডাম মেফি ,সাধনী, জয়মতী  ,ঐনিতম সুৰ আদি ইত্যাদি  | ইমান বোৰ জনাৰ পিচত মই তোমাৰ তালৈ নগলে মোৰ মনটো জয় পৰি নাজাবনে?
        ( তেতিয়া কেৱল আমাৰ নিজৰ কথাহে পাতিম)
:মোক ৰেহাই দিয়া তোমাক কাবৌ কৰিছো
 :তুমি মোক অসমলৈ নিবই লাগিব |
:মোক ভাবিবলৈ সময় দিয়া
 :O.K  Dear বেচি সময় নিদিওঁ |
:গুদ নাইট |
        জ্বৰে ঘমাদি ঘামিবলৈ ধৰিলো |.. বিপদ..মহা বিপদ , এফালে মোৰ পৰিয়ালৰ সদস্য সকলে মোৰ  শ্ৰী চেহেৰা দেখিলে কি হ’ব | আনফালে  মোৰ ই মেইল,ফেচবুক, হোৱাটচেপৰ সকলো একাউণ্ট লিয়ে জানে |
           গোটেই ৰাতি টোপনি খটি | ইফালে E Mail, G.Mail  খোল নোখোৱা হ’ল | পাচৱৰ্ডে কাম নকৰা হ’ল | মানে মাঠাত  গোৱৰে  দ’ম বান্ধিলে | মনলৈ ভয় ভাব আহিল | বিপদ অকলে নাহে | মোৰ ফাইল হেকাৰ-ক্ৰেকাৰে ব্যৱহাৰ কৰা নাইটো ? ক্ৰেকাৰে পালেতো সকলো হৰলুকি হ’ব |  আজিকালি হেকাৰতকৈ ক্ৰেকাৰ বেচি ভয়াবহ  |
        ইফালে তিনিদিন ” লি “ৰ পৰা কোনো মেচেজ বা কোনো ভি দি অ’ , ফটো পোৱা নাই | গতিকে মইয়ে……..
:কি খবৰ,(জুবিন দাৰ দেউতা অ’ গীতৰ ভিদিঅ’টো পঠিয়াই দিলো |)
 :কালিলৈ মোৰ অপাৰেচন
:কিহৰ
 :ব্ৰেইন টিউমাৰ
:What do you say ?
 :Yes
:কিয় কোৱা নাছিলা ?
:মই কাৰো পুতৌ হ’ব নিবিচাৰো
:You are great
         তেওঁক , মোৰ E Mail ৰ দুৰ্দশা কথা কলো, তেওঁ মোক আচৰিত কৰি ক’লে “আপোনাৰ একো হেৰুৱা নাই |আজি ভালদৰে টোপনি যাওঁক |কালিৰ মোৰ কথাবোৰ শুনি Head strok  হ’ল |” (এটা নতুন বেমাৰৰ নাম শুনিলো |)
     মহাত্মা গান্ধীৰ পৰা অৰণ্য মানৱ যাদৱ পায়েংলৈকে থকা দেশৰ মানুহ আপুনি ,সাহস থাকিব লাগে.|আপুনি তিনিমাহে মোক জীয়াই থাকিবলৈ আপোনাৰ মধুৰ সংগে যি শক্তি দিলে  তাৰ বাবে বহুত বহুত  ধন্যবাদ জনাইছো.| (আগলৈ)
              হৰেণ শইকীয়া 

Leave a Reply

Your email address will not be published. Required fields are marked *