0 00 1 min 4 yrs 204

   মনলৈ পুনৰ ভয় ভাৱ আহিল সচাঁকৈ ছোৱালী জনী আহি যাব নেকি ,ক’বটো নোৱাৰি , যিহে স্মাৰ্ট ছোৱালী | ব্ৰেইন অপাৰেচন কৰা ছেৱালী জনীৰ মনত কষ্টটো দিব নোৱাৰো |

              আপোনাৰ  ৰেকৰ্ড বোৰ বিচাৰি নাপাওঁতে মোকে দুখ দিছিল ন. ?
নাই ,মোৰ নিজৰহে ভুল হৈছিল
 মোক হেকাৰ-ক্ৰেকাৰ বুলি ভাবিছিল  ন.?
হেকাৰ-ক্ৰেকাৰ মানে কিনো ?
 নাজানো বুলি মিছা নকবচোন
বাঃ তুমি বহুত জানা 
  হীমা দাস  , ৰীমা দাস আৰু , ৰঞ্জন গগৈৰ কথাও জানো  They are great Asmia. 
ৱাও.
 মোৰ ক্লাচৰ কিতাপত মনেই নবহে লেপটপতহে……..ছাৰ মম হঁতে ক্লাচ চেভেনৰ ছোৱালীয়ে বেচি ওষ্টাদি বুলি মাজে সময়ে ককৰ্থনা কৰে  | মই বিল গে’টচৰ দৰে অথবা ভূ বিজ্ঞানী হ’ব খোজো. | হ’ব পাৰিম নে  ?  MY DEAR SIR…🌝
নিজৰ ক্লাচৰ কিতাপ পঢ়িলেহে হ’ব পাৰিবা আৰু অসমলৈ আহিব  পাৰিবা
 নপঢ়িলেও অসমলৈ যাব পাৰি |বাংলাদেশী বোৰ নপঢ়াকৈ গৈ থাকে | আমি স্মাৰ্ট ক্লাচত  E . BOOK হে পঢ়ো 🔰
অসমলৈ আহিবা লি , মোৰ সোনজনী
  নাযাওঁ অসমত বোলে  N.R.C. হ’ল মই বিদেশী হৈয়ে থাকিব লাগিব.  
ভিচা লৈ আহিবা 
 মই যদি ভূ বিজ্ঞানী হ’ব পাৰো তেতিয়া যাবও পাৰো |
কিয়. ?
 ব্ৰহ্মপুত্ৰ নদীত সুৰঙ্গ খান্দি  অৰুণাচলৰ গৰ্ভত থকা খনিজ পদাৰ্থৰ সম্ভেদ বিচাৰি, 
ৱাও:
 মনত ৰাখিব আমাৰ ইংৰাজ জাতিয়ে দি অহা সম্পদৰ বাহিৰে অসমে নতুনত্ব একো পোৱা নাই   
 Dear sweety girl  তোমাৰ জাত্যভিমান বেছি কৰি লাভ নাই |তোমালোকক  আমি খেদি থৈছো |
 সেইয়া অতীত | Dear sir ইংৰাজে জাত্যভিমানৰ বাবে নিজৰ জীৱনক ত্যাগ কৰিব পাৰে |অসমীয়াই আত্মভিমান আৰু আত্মগৌৰৱৰ বাবে জাতি ,ভাষা ত্যাগ কৰিব পাৰে | সেইবাবেই আমাৰ ইংৰাজী ভাষা  বিশ্ব ব্যাপি বহল হৈ গৈ আছে আৰু আপোনালোকৰ অসমীয়া সংকুচিত হৈ মৃত্যু ফালে গতি কৰিছে |
  My Dear sir বেয়া নাপাব, আপোনাৰ পৰা যি জানিলো তাৰ ওপৰত ভিত্তি কৰি ক’লো | কালিলৈ পৰা আমাৰ স্কুল খুলিলে ,  আকৌ আমনি দায়ক 😢😢😢😢    ………|
          হৰেণ শইকীয়া 

Leave a Reply

Your email address will not be published. Required fields are marked *