0 00 1 min 5 yrs 224

 পদূলীৰ শেৱালীৰ জোপাৰ ফুলৰ সুবাসে মনটো সুন্দৰ কৰি তুলিলে | শৰতে মন পবিত্ৰ কৰাৰ দৰে মোৰো মনটো পবিত্ৰ হৈ পৰিল | ৰাতি সাঁজ ভাতৰ টেবুলত সকলোৰে আগত গোটেই ঘটনাটো ব্যাখ্যা কৰিলো | সকলো মৌন !  ভাবি ললো “মৌন সন্মতি লক্ষনং ” | ইপিনে ৰাতি বিচনাত শ্ৰীমতীয়ে মোৰ বুকুত হেচুকি হেচুকি ফেঁচুক ফেঁচুক কান্দি আছে ,আৰু মুখেৰে কিবাকিবি বকি আছে | সিটো কোঠাত ল’ৰা-ছোৱালী হাল | উপায়ন্ত হৈ মোৰ G Mail ৰ প্ৰফাইল খুলি  লিৰ সম্পূৰ্ণ বায় ডাটা শ্ৰীমতীক দেখুৱালো | 

           ৰাতিপুৱাই শ্ৰীমতীয়ে হুলস্থূল লগাই দিলে “এতিয়াই নামঘৰত আৰু শিৱ মন্দিৰত শৰাই দিবগৈ | লিৰ আৰোগ্যৰ বাবে শৰাই দিব | “
            আচৰিত ৰাতি হিয়া ভুকুৱাই কন্দা মানুহ জনীয়ে নে এজনী ,সচাঁ এইয়াই মোৰ হিয়াৰ এফাল  , মৰমৰ ঘৈনী | তুমি সহনশীলতা ,তুমি সৃষ্টি,তুমি অন্যন্যা |লিৰ লৈ নামঘৰৰ প্ৰসাদ কুৰিয়া চাৰ্ভিচত দিবৰ বাবে মোক নিৰ্দেশ দিলে | 
     সম্পূৰ্ণ পোন্ধৰ দিনত ” লি “খোজ কাঢ়িব পৰা হ’ল আৰু এমাহৰ মূৰত হস্পিতেলৰ পৰা ঘৰলৈ আহিল |  ডেৰমাহৰ মূৰত তাই মোৰ লগত পুনৰ হোৱাটচেপ কৰিব পৰা হ’ল |
         💇Hi…   মই এতিয়া সুস্থ ,অপাৰেচনৰ ভি.দি.অ’টো পঠিয়াই দিলে | 
🎆মইয়ো তেওঁৰ বাবে ভগৱানৰ ওচৰত দিয়া শৰাই দিয়া ভিদিঅ’ পঠাই দিলো |
               এইবাৰ মোৰ লগতে শ্ৰীমতীয়েও লি লগত বাৰ্তালাপ কৰাত কৃপনালী নকৰিলে | মোৰ হেৰোৱা তথ্য সমুহৰ কথাও খবৰ ল’বলৈ নাপাহৰিলে |
 🎆তোমাৰ সেন্দুৰৰ প্ৰতি কিয় ইমান হেপাহ
            💇গুগুলত নলিনী বালা দেৱী, নিৰ্মল প্ৰভা বৰদলৈ  ,মামনি ৰয়চম গোস্বামী কথা পঢ়িছো
  🎆তেওঁলোকৰ বিষয়ে পঢ়ি কি পালা
               💇 প্ৰত্যেক গৰাকীয়েই কম বয়সতেই সেন্দুৰৰ ফোঁট লোৱা পিচতহে জীৱনৰ সমস্যা আৰু সংঘাটৰ মাজেৰে দেশৰ দহৰ কথা চিন্তা কৰি সমাজলৈ পৰিবৰ্তন আনিছিল |
🎆ৱাও…
          💇মোৰ তেজটো অসমীয়া তেজ আছে
🎆বাঃহ ….কেনেকৈ…
             💇মোৰ মাৰ আইতাক অসমত জন্ম হোৱা   ,সেয়ে অসমক জনাৰ ইচ্ছা হৈছিল
       🎆অসমলৈ আহিবা
        💇 যাম সেউজীয়া টি গাৰ্ডেন চাবলৈ আৰু আপোনাৰ হাতৰ সেন্দুৰৰ ফোঁট .লবলৈ | (আগলৈ)
         হৰেণ শইকীয়া 

Leave a Reply

Your email address will not be published. Required fields are marked *