অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ। এই লক্ষ্যৰে গুৱাহাটীত অসম সাহিত্য সভাকে ধৰি ২২টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বৈঠক ।
অসম চৰকাৰৰ “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত বিভিন্ন জাতি-জনগোষ্ঠীৰ সৰ্বমুঠ ১,০০০ গৰাকী নতুন লেখক-লেখিকাক উৎসাহিত কৰাৰ বাবে এককালীন ৫০,০০০ টকাকৈ উদগনিমূলক সাহায্য ঘোষণা কৰে। সাহিত্য সভাসমূহে এই লেখক-লেখিকাসকলক নিৰ্বাচিত কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে আৰু কয় যে
“অসমীয়াকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভাক ১০ কোটি, বড়ো সাহিত্য সভাক ৫ কোটি আৰু অন্যান্য জনজাতীয় সাহিত্য সভাসমূহক ৩ কোটি টকাকৈ Corpus Fund হিচাপে দিয়া হ’ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়।
আহক, আমি সকলোৱে মিলি মাতৃভাষাসমূহৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাওঁ।”