0 20 1 min 3 yrs 221

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ৱাৰিঅৰচ গোলাঘাট জিলা শাখাৰ কাকডোঙা আঞ্চলিক সমিতিয়ে কি কৰিলে?

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশে আজি পালন কৰিলে ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ দিনাই ৱাৰিঅৰচ গোলাঘাট জিলা শাখাৰ কাকডোঙা আঞ্চলিক সমিতিৰ প্ৰশংসনীয় পদক্ষেপ । আজি স্বাধীনতা দিৱস। ক’ভিডৰ সংহাৰৰ মাজতে সমগ্ৰ দেশতে আজি পালন কৰা হ’ল ৭৫সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ সমান্তৰালকৈ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৱাৰিঅৰচ (জাগৰণ এক নাৰীত্বৰ)গোলাঘাট জিলা শাখাৰ কাকডোঙা আঞ্চলিক সমিতিয়ে বৃক্ষৰোপন কায্যসূচী ৰূপায়ন কৰে। ৱাৰিঅৰচ গোলাঘাট জিলা শাখাৰ কাকডোঙা আঞ্চলিক সমিতিয়ে আজি চোমনি আৰক্ষী চকীৰ চৌহদৰ লগতে চোমনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ কেন্দ্ৰৰ চৌহদতো স্বাস্থ কৰ্মী সকলৰ সহযোগত বৃক্ষ ৰোপন কায্যসূচী ৰূপায়ন কৰে । ৱাৰিঅৰচ গোলাঘাট জিলা শাখাৰ কাকডোঙা আঞ্চলিক সমিতিয়ে গ্ৰহন কৰা আজিৰ এই কায্যসূচীত উপস্থিত থাকে চোমনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, চোমনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ কেন্দ্ৰৰ চিকিৎসা বিষয়া চালমা বানু আৰু দেবেন তাতী। কাকডোঙা চোমনী গাওঁ ৰক্ষী বাহিনীৰ সভাপতি দম্বৰু বৰুৱা আৰু কাকডোঙা আঞ্চলিক সমিতিৰ উপদেষ্টা মনীষা বৰা, সভানেত্ৰী মিনালী বৰা ,সম্পাদিকা তুলপ্ৰিয়া দত্ত হাজৰিকা বিত্ত সম্পাদিকা মিতালী দত্ত বৰদলৈ,সদস্যা কৰুনা গগৈ আৰুজনসংযোগৰ সম্পাদিকা নিকুমনী দত্ত।BYTE:-এইদৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে কাকডোঙা অঞ্চলত ৱাৰিঅৰচৰ গোলাঘাট জিলা শাখাৰ কাকডোঙা আঞ্চলিক সমিতিয়ে স্বাধীনতা দিৱস উদযাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *