0 00 1 min 5 yrs 100
নিশা তুমি ৰহস্যময়ী
মোৰ প্ৰগলভ দেৱাল
পাৰ হয় হেজাৰ বসন্তৰ অধ্যায়
ৰৈ যায় মাথোঁ এটি বিন্দু |
তোমাৰ তিমিৰ গৰ্ভত
আমোল-মোলাই শুভ্ৰ দলিচা পাৰি
ৰজনী , শেৱালি, পাৰিজাত !
অলিখিত অমাৱস্যা পাৰ কৰি
কিয়
মধুচন্দ্ৰিকা মাথোঁ এনিশা ?
অন্ধকাৰৰ গুপ্ত লিপি-প্ৰতিলিপি
তোমাৰ কুক্ষিৰত ৰহস্য হৈয়ে ৰয় !
অতুল্য তোমাৰ ৰহস্যময়তা
এদিন সৃষ্টি
দুদিন ধ্বংস
নিশা
তুমি সঁচাকৈ ৰহস্যময়ী !
“””””””””””””””””””””””
নিৰলা ইংহিপী
গাওঁ + পো…সাতগাওঁ
পশ্চিম কাৰ্বি আংলং
পিন..৭৮২৪৮৫
থানা..বৈঠালাংচ’ 
“””””””””””””””””

Leave a Reply

Your email address will not be published. Required fields are marked *