0 00 1 min 6 yrs 219
” মই ৭ বছৰ বয়সৰ পৰাই সংগীতৰ লগত জড়িত । গান গোৱাৰ লগতে খেলা-ধূলা আৰু বিহু নাচিয়ো ভাল পাওঁ । এই ক্ষেত্ৰত মোক মা-পাপাই বহুত সহায় কৰি আহিছে । তেওঁলোকৰ সহায় সহযোগ নোহোৱা হ’লে মই মোৰ সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰিলোঁ হয় ।” 
এই কথন মোৰ নহয় “জোনাকৰ মডেল” খিতাপ বিজয়ী মুনমীৰ । উল্লেখযোগ্য যে বহুতো প্ৰতিযোগীৰ মাজৰপৰা সৰ্বাধিক ভোটত জয়ী হৈ এই খিতাপ লাভ কৰে তেওঁ ।
সংগীতৰ জগতখনৰ লগত মুনমীৰ এক এৰাব সম্পৰ্ক । সংগীতেই জীৱনৰ প্ৰকৃত মূলমন্ত্ৰ । সংগীতৰ অবিহনে যেন প্ৰতিটো পল অৰ্থহীন তেওঁৰ বাবে ।
যোৰহাটৰ জীয়ৰী মুনমীয়ে ২০১৭ চনত “ফাগুণৰ এচাটি পছোৱাই” গীতটোৰ জৰিয়তে সংগীত জগতত প্ৰৱেশ কৰে । মন কৰিব লগীয়া কথা এয়ে যে উক্ত গীতটোৰ বাবে মুনমীয়ে “SUNRISE AWARD”  লাভ কৰিছিল । যাৰ ফলত মুনমীৰ মনোবল আৰু একাগ্ৰতা দুগুণ বাঢ়িল । বৰ্তমান মুনমী পৰেশ আকাশৰ কথা সুৰ আৰু সংগীত সমৃদ্ধ মনপৰশা গীতৰ  নিৰ্মাণত ব্যস্ত । 
অনিতা গগৈ
CLICK HERE FOR MORE NEWS

Leave a Reply

Your email address will not be published. Required fields are marked *