0 00 1 min 3 yrs 185

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ ধৰ্মপুৰত পবিত্ৰ মহৰম উৎযাপন । লখিমপুৰ জিলাৰ নাওবৈছাঁ সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰ ব্লকত “ৰেড ফাউণ্ডেচন” নামৰ বেচৰকাৰী সংস্থা এটাই এদিনীয়া কাৰ্যসূচীৰে পবিত্ৰ মহৰম দিৱস উদযাপন কৰে। সম্পূৰ্ণ SOP মানি অনুষ্ঠিত কৰে মহৰম ।ইছলাম ধৰ্মাৱলম্বী সকলৰ আৰবী মাহৰ প্ৰথম মাহ “মহৰম” । ইছলাম ধৰ্মালম্বী লোক সকলৰ মহৰম হল জীৱন দান আৰু আত্ম ত্যাগৰ এক স্মৃতিপৰ্ব। মুছলমান সকলৰ তীব্ৰ বেদনাৰ স্মৃতি বিজড়িত মহৰম মাহ অতি পবিত্ৰ মাহ। ইছলাম ধৰ্মী লোকসকলৰ বিশ্বাস মতে পবিত্ৰ মহৰম মাহৰ আজিৰ এই দিনটোতে গোটেই বিশ্ব ব্ৰক্ষ্মাণ্ডক আল্লাহ তালাই সৃষ্টি কৰিছিল লগতে ইছলাম ধৰ্মৰ প্ৰবৰ্তক হজৰত মহম্মদ আজিৰ দিনটোতেই পৃথিৱীত আর্ৱিভাব হৈছিল। আজিৰ এই দিনটোতে ধর্মপ্রাণ হুছেইনে কাৰবলাৰ মৰুপ্ৰান্তত অতিশয় কৰুণভাবে সপৰিয়ালে মৃত্যুক সাৱটি লৈছিল ।আজিৰ এই দিনটোৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্য সূচী পালন কৰাৰ লগতে বিশ্ব শান্তি ও সকলো মানৱ জাতিৰ মংগলৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰে আয়োজক সমিতিয়ে।

লখিমপুৰৰ পৰা উজ্জল শইকীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *