0 00 1 min 4 yrs 225

আজি কামিজ পিন্ধিছোঁ আন্ধাৰৰ

আন্ধাৰৰ লগত সহবাস কৰি আহিলেও সেয়া  কিন্তু অনিচ্ছা
চকী মেজ পালেঙৰ তল আৰু আলনাৰ পিছফালে আন্ধাৰে লচপাচাই থাকিলেও 
মোৰ কামনা জাগে ফাতেমা বিবিৰ চাকিটোলে
ক্ষমা কৰিব পৃথিৱী
নতুন বছৰত সম্ভাষণৰ শৰাইখন  নুলিয়াও
নতুন বছৰত ছাইৰেন বজাই যাব নোৱাৰো বনভোজলৈ
কোনে শুনিব আমাৰ গান
যদি মাইকত ডিঙি ফালি কওঁ
ছিঙি যোৱা কম্বলটো আমাৰ জাৰৰ দিনৰ ভোক
পোৰা বেঙেনা আৰু পিয়াজ নিদিয়া আলু পিটিকা খাই জিভাই আমনি পাইছে
ডি জে বক্সত প’প  হিপ্ অপ  আৰু ৰেপ্  ছঙৰ সলনি 
দুখৰ কবিতা অথবা মুক্তিৰ গান আওৰালে কোনে শুনিব
আজি আকাশৰ পৰা বিচাৰিছোঁ বৰষুণ 
খৰাঙত শুকাই যোৱা জাতি এটাৰ বাবে
অধিকাৰৰ বাবে কাৰাবাসলৈ যোৱাসকলৰ বাবে
স্বপ্নৰ জ্যামিতিক জলাঞ্জলি দিয়া শিশুবোৰৰ  বাবে
সমাজৰ তিতা শাড়ি পিন্ধি ক্ষীণাই যোৱা  নাৰীসকলৰ বাবে
প্ৰযুক্তিৰ পৰা ছফ্টৱেৰ বিচাৰিম
গায়কসকলৰ পৰা বিচাৰিম  সুৰ
গীতিকাৰসকলৰ পৰা গান
শিল্পীসকলৰ পৰা শিল্প
শিক্ষকসকলৰ পৰা সাধনা
আৰু নেতাসকলৰ পৰা মানৱতা
নতুন বছৰত এজোপা গছপুনি ৰুইম
আমিষৰ সলনি আজি খাম মিৰামিষ 
গাড়ীৰ সলনি খোজকাঢ়িম নতুবা চাইকেল চলাম 
পৃথিৱীৰ আৰু এবছৰ আয়ুস বঢ়াবলে
জীৱৰ বৈচিত্ৰ্য ৰক্ষা কৰিবলে
অপূৰণ কামবোৰ পূৰাবলৈ উদ্যমী হ’বলে
নতুন বছৰত আজি বিড়ি ছিগাৰেট কমলাপাচন মদ অথবা ড্ৰাগছৰ পৰা এখোজ  নিলগত থাকিম
পৰিয়াল বজাৰ সভা অথবা 
ৱাট্চএপ  ফে’চবুক টুইটাৰত ভাল কথা পাতিব নোৱাৰিলে অবলম্বন কৰিম মৌনতা 
পাৰিলে নতুন বছৰত প্ৰেয়সীক জীৱনৰ সঁচা কথা শিকাম
নহলে ৰক্তিম ওঁঠৰ পোহৰত  খিৰিকিৰ কাঁচবোৰ
বৰষুণ হৈ ভাঙি পৰিলেও কোনো স্বাৰ্থপৰৰ চুমা নিদিও
পৃথিৱীয়ে কিছ্ কৰিবলৈ বিচাৰিলে আবেগত দুচকু মুদি দিম সহবাসৰ বাবে
আজি বনভোজৰ লোভত প্ৰদূষিত নকৰোঁ আইক
 আজি নতুন বছৰত  ভিতৰতে সাজিম
ভিতৰতে ৰান্ধিম
ভিতৰতে খাম
ভিতৰতে উৎযাপন  কৰিম নৱবৰ্ষ !

Leave a Reply

Your email address will not be published. Required fields are marked *