জন্ম হোৱাৰ দিনাই মোৰ মৃত্যু হৈছিল
মায়ে কান্দিছিল , দেউতাই কান্দিছিল ।
মই ওচৰতে ৰৈ চাই আছিলো
মোৰ মৃতদেহৰ ওপৰত হোৱা অত্যাচাৰবোৰ ;
ধূপ-ধূনাৰ সুগন্ধিৰে আমোলমোল পৰিবেশত
চিঞৰ-বাখৰ , স্থূলস্থূল , হাঁহি আৰু কান্দোনৰ ৰোল ।
( ২ )
মই মৰিলো , বায়ুৰ লগত উৰিলো
মাটিৰ লগত পচিলো আৰু পৃথিৱীৰ লগত প্ৰেম কৰিলো ।
এজোপা উদ্ভিদ হৈ জীয়াই আছোঁ এতিয়া
শান্তি নাই মোৰ ;
মানুহৰ অত্যাচাৰৰ বলিৰ পৰা
হাত সাৰিব পৰা নাই আজিলৈ ।
( ৩ )
আক্ষেপ মোৰ নাছিল
যদিও প্ৰেমিকৰ লগত বিচ্ছেদ হ’ল কালি ।
উদ্ভিদ হৈ জীয়াই আছোঁ
কিন্তু গাত শক্তি নাই ,
এই মৰুভূমিত মোৰ স্হান নাই
কাৰণ জন্ম দিনতেই মোৰ মৃত্যু ।
✍ ৰুণমী শইকীয়া
লখিমপুৰ