পৰ জনমত তইয়ে হবি মোৰ বুকুৰ কুটুম
পুনৰবাৰ মই তোৰ প্ৰেমত পৰিম
এই জনমৰ আধৰুৱাবোৰ পূৰ কৰিম
বুকুৰ মাজত বহলকৈ শীতল পাতি পাৰিম
দুয়ো তাতে নিতৌ জিৰাম ,,,,,,
তেতিয়াও বাৰু মনত থাকিবনে,,,,,!
পৰ জনমত মই কবি হম
হাজাৰ হাজাৰ গান লিখি বিলাম তোৰ বাবে
মনত থাকিবনে ,,,,,
তোৰ মোৰ প্ৰথম মিলনৰ সেই মধু বেলা,,,,,!
পৰ জনমত মই চিত্ৰলেখা হম
আমাৰ সপোনবোৰ অংকন কৰি
সজীৱতাৰ মূৰ্ছনাৰে জীৱন্ত ৰূপ দিম
তেতিয়া আৰু অপূৰ্ণ হৈ নৰয় সময়,,,,,!!!
দীপালী দেৱী