0 00 1 min 6 yrs 208

হৃদয়বোৰ সাধাৰণতে কিহেৰে গঠিত
আপুনি জানেনেকি ??
মই ভালদৰে নাজানো
আপুনি জানে যদি ক’বচোন ,
প্ৰথমে তেওঁৰ বিষয়ে শুনি লওক আৰু জানি লওক
তাৰপিছত মোক ক’ব,
আপুনি যদি তেওঁৰ বাবে মৰিয়ো যাই
তথাপিয়ো তেওঁৰ হৃদয় নগলে;
আপুনি যদি তেওঁৰ বাবে নোখোৱা-নোবোৱাকৈ
দিন ৰাতিয়ো একাকাৰ কৰি দিয়ে
তথাপিয়ো তেওঁৰ হৃদয় নগলে ,
কিমান যে কাকূতি কৰিলোঁ
তথাপিয়ো এবাৰ নুবুজিলে তেওঁ,
নিজস্ব বুলি যি আছিল
সকলোবোৰ সপি দিছিলোঁ তেওঁৰ নামত ;
এতিয়া মই এটা প্ৰকাণ্ড শূন্য
তথাপিয়ো যদি বুজিলে তেওঁ ,
মোৰ কোনো ভূল নাছিল
তথাপিয়ো তেওঁৰ দৃষ্টিত মোৰে ভূল;
সেয়ে হাজাৰবাৰ Sorry ক’লো
মাথোঁ সম্পৰ্কটো জীয়াই ৰখাৰ স্বাৰ্থত ;
তথাপিয়ো নুবুজিলে তেওঁ,
আনকি মোৰ ভূল ক’ত সেয়াৱো নক’লে;
এতিয়া  আপুনি ক’ব পাৰিবনে
তেওঁৰ হৃদয়খন কিহেৰে গঠিত ???
বহুত ভালপাওঁ তেওঁক
পগলাৰ দৰে ভালপাওঁ ,
কিন্তু তেওঁ যদি ভূল বুজি আতৰি যায় ;
মই কেনেদৰে ধৰি থাখিম ??
কোনোদিনেই পাহৰিব নোৱাৰিম তেওঁক
কিয় বাৰু নুবুজে তেওঁ !!
যি বাটেদি আহিছিল তেওঁ
সেই বাটেদিয়ে উভতি গ’ল বিনা কাৰণত ;
ময়ো অহাৰ বাটেদিয়ে উভতি যাব লাগিব ,
তেওঁৰ সুখৰ বাবে
তেওঁৰ ওঁঠত হাঁহি বিৰিঙাবৰ বাবে ;
তেওঁক মই পাহৰি যাব নোৱাৰিমনে ??
বহুত কষ্ট হ’ব কিন্তু
চেষ্টা নিশ্চয় কৰিম ,
কিয়নো তেওঁ মনে বিছৰাৰ দৰে সুখী হোৱাটো
কামনা কৰোঁ ময়ো ।।।
পৰেশ আকাশ
গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *