0 00 1 min 3 yrs 182

শাওনৰ পথাৰত নহয় এটা পথত ভূঁই ৰুইছে গাঁওবাসীয়ে ।

অভয়াপুৰী দক্ষিণ বইটামাৰীৰ অন্তর্গত নিত্য বজাৰৰ পৰা মৌখোৱা গাওঁ সংযোগী কায়েথ পাৰাৰ পথত দেখিবলৈ পোৱা গ’ল এক ব্যক্তিক্ৰমী দৃশ্য।

স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়লৈ যোৱা এই একমাত্ৰ পথটো বোকাময় বিধস্ত জৰাজীৰ্ণ হোৱাত ক্ষোভিত হৈ গাঁৱৰ ৰাইজে একেলগে মিলি এই কায়েথ পাৰাৰ পথটোত ৰুইছে ভূঁই । আনহাতে এই পথটো মেৰামতিৰ বাবে MLA ফাণ্ডৰ ৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ।

কায়েথপাৰাৰ গাঁওৰ মাজেদি যোৱা একমাত্ৰ পথটো বহু অনুনয় বিনয় কৰা স্বত্বেও অদ্যাপি পকী হৈ নুঠিল।


প্ৰতিবছৰে বাৰিষাৰ সময়ত ৰাইজে শ্ৰমদানৰে পথটো মেৰামতি কৰি অহাৰ পিচতো চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই। পথ নিৰ্মাণত চৰকাৰী অৱহেলাত অতিষ্ঠ হৈ বিধ্বস্ত পথটোৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ পুৰুষ মহিলাসকলে ।

হিমাংশু দাস

Leave a Reply

Your email address will not be published. Required fields are marked *