0 00 1 min 2 yrs 213

বুধবাৰে আবেলি ৰূপহীহাটৰ গেৰেকী গাঁৱত একাংশ যুৱকে ক’ভিড প্ৰটোকল ভংগ কৰি ক্ৰিকেটৰ জোৱা খেলি থকা অবস্থাত ,পুলিচ অহা গম পাই পলোৱাৰ চেষ্টা কৰে ।

যুৱক সকলে যধে-মধে বিলত জপিয়াবলৈ আৰম্ভ কৰে।

ইয়াৰে ছোহাইব আখতাৰ নামৰ যুৱক জনে সাঁতুৰিব নজনাত বিলত আৱদ্ধ হৈ পৰে।

স্থানীয় একাংশৰ সহযোগত যুৱক জনক উদ্ধাৰ কৰি ৰূপহী মডেল হস্পিতাললৈ আনে যদিও যুৱক জনক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাকলৈ স্থানীয় ৰাইজে প্ৰথম অৱস্থাত ৰূপহী মডেল হস্পিতালত উৎতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পিছত হাজাৰ-হাজাৰ ৰাইজে মৃতেহটো লৈ ৰূপহীহাটৰ আৰক্ষী থানা ঘেৰাও কৰে।
উত্তেজিত যুৱকসকলে ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে থানাৰ সন্মুখত প্ৰতিবাদ মুখৰ হৈ পৰে ।পৰিস্থিতি ইমানেই ভয়ানক হৈছিল যে উত্তেজিত ৰাইজে আৰক্ষীক লক্ষ‍্য কৰি ইটা-শিলগুটি দলিয়াই ।

উপায়ন্তৰ হৈ আৰক্ষীয়ে উত্তেজিত ৰাইজক চত্ৰভংগ দিয়াৰ বাবে শূণ্যলৈ গুলি চলনা ,কন্দোৱা গেছৰ লগতে লাঠি চাৰ্জ কৰাত পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহে যদিও ,মৃত ব্যক্তিৰ পৰিয়ালে দাবী কৰে যে ঘটনা স্থলীত এছ পি আনন্দ মিশ্ৰ উপস্থিত নোহোৱা পৰ্য্যন্ত থানাৰ সম্মুখৰ পৰা আতৰি নাযায়।
শেষত নগাঁও জিলাৰ এছ পি আনন্দ মিশ্ৰ ,ঘটনাস্থলিত উপস্থিত হৈ উপযুক্ত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ আচ্চাস দিয়াত পৰিস্থিতি সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণলৈ আহে।
আজি পুৱাই sp আনন্দ মিশ্ৰাই ঘটনাৰ স্থানত উপস্থিতহৈ তদন্ত আৰম্ভ কৰি মাটিৰ মালিক ইমদদুল হুছেইন সহ চাৰি গৰাকীক আটক কৰে।
আটক কৰা ব্যক্তি সকলক বৰ্তমান ৰূপহীহাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

জুৰীয়াৰ পৰা ৰেজাউল ইছলাম ।

Leave a Reply

Your email address will not be published. Required fields are marked *