0 00 1 min 5 yrs 203

দুদিনৰ বাবে অ’ মইনাজান
আহিছিলা কাষলে
বুকুতে জুই জ্বলাই গ’লা
আনৰ বুকুৰ মাজলে ।”
এটি বিহুসুৰীয়া আধুনিক গীত , অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ কণ্ঠসমৃদ্ধ ।  হয়, যিটো গীত কথা আৰু সুৰেৰে সজাইছে অসমৰ অন্যতম জনপ্ৰিয় গীতিকাৰ-সুৰকাৰ তথা কণ্ঠশিল্পী পৰেশ আকাশে আনহাতে গীতটোৰ সংগীত পৰিচালনায়ো পৰেশ আকাশৰ তথা ব্যবস্থাপনা দেৱাশীষৰ । গীতটোৰ প্ৰতিটো শব্দই হৃদয়স্পৰ্শী । জানিব পৰা মতে এটা সঁচা কাহিনীৰ ফলত সৃষ্টি হৈছে মৌচম গগৈৰ কণ্ঠসমৃদ্ধ জাঁজী এলবামৰ এই উক্ত গীতটো । উল্লেখযোগ্য যে অতিশঘ্ৰেই মুক্তি পাবলগীয়া গীতটো হেনো কাৰোবাৰ বাবে এক বিশেষ উপহাৰ । কিন্তু কাৰ বাবে সেয়া জানিব দিয়া নাই গীতটোৰ ৰচনাকাৰে ।

অনিতা গগৈ 

Leave a Reply

Your email address will not be published. Required fields are marked *