0 00 1 min 6 yrs 213

২০০৩ চনত ১২ বছৰ বয়সত চকু মেলি চাওতে গীতটিৰ জৰিয়তে শিৱসাগৰৰ প্ৰায় অনুস্হানত নৃত্য পৰিবেশন কৰি উপস্হিত সকলো সাংস্কৃতিক প্ৰেমিকৰ মন জয় কৰিবলৈ সক্ষম হোৱা *ইব্ৰাহিম* *বড়া* অৰ্থাত বহুতৰে এখনি চিনাকি ছবি *ইবু টানবিৰে* সাংস্কৃতিক জগতলৈ খোজ পেলায়। শ্ৰী কৰিমূল ইছলামৰ তত্ত্বাৱধানত তেওঁ নৃত্যৰ অ,আ,ক,খ অনুস্হাংকি শিক্ষা লাভ কৰে।সেই সময়তে অলকা মইনা পাৰিজাতত জিকিৰ,জ্যোতি সংগীত,ৰাভা সংগীত সকলো ধৰণৰ সাংস্কৃতিক শিক্ষাৰো আৰম্ভ কৰে।
কেৱল এটা দিশতে নিজকে উচ্চতম কৰিবলৈ চেষ্টা নকৰা ইবু টানবিৰে সাংস্কৃতিক জগতৰ সকলো শিক্ষা লোৱাত ব্যস্ত হৈ পৰে,এই ক্ষেত্ৰত তেওক অৰিহনা তথা সহায় কৰা ব্যক্তি দুজন পিতৃ চেলিম বড়া আৰু মাতৃ ৰুকিয়া বেগম দুয়ো  বৰ গছৰ ছাঁৰ দৰে আজিও তেওঁক লগ দিছে,
যিহেতু,কোৱা হয় সময় ব্যতিক্ৰমী।
গতিকে ব্যতিক্ৰমী সময়ে ২০১৩ চনত ইবু টানবীৰৰ জীৱনৰ কৰ্মস্হলীও সলনি কৰি পেলালে, তেওঁ লাভ কৰিলে অভিনয় জগতত খোজ দিয়াৰ সুৱৰ্ণ সুযোগ।
আৰু যোৰহাটৰ পৰা *”এ.এছ.শিৱালায়া ফিল্মছ্ এচছিয়েছনৰ” বেনাৰত নিৰ্মাণ হোৱা এখনি কাল্পনিক আন এখন বাহিৰা জগতৰ লগত সংগতি থকা প্ৰথমখন চুটি ছবি *”UFO RETURNS”2013*
তাৰ পাছত তেওঁ লাভ কৰিলে *”R. P.M PRODUCTION & SAROTHI PRODUCTION”* ৰ বেনাৰত আৰু দুখনকৈ ভিডিঅ’ ফিল্মত অভিনয় কৰাৰ সুযোগ *”জোন”২০১৬ আৰু “জোন-২”(মুক্তিৰ পথত)*

লাহে লাহে তেও অসমীয়া ভিডিঅ’ গীতত মূখ্য চৰিত্ৰত বহুকেইটা ভিডিঅ’ কৰিলে সেইকেইটা হ’ল
তোৰ ঘৰলৈ যামে বুলি,মেট্ৰিক পাছ,তুমি জানো এবাৰ আহি নুসুধা,তোমাৰ প্ৰেমত পৰি,অসমী আইৰ মান,ডাৱৰ ফালি,কোন তুমি ৰূপহী বিজুলী,চেৰেং-বেৰেং,মই ঢোল বজালে,অ’চুইটী চুইটী, জুবিন দাৰ কন্ঠত কোনে জানে, ভৃগু কাশ্যপৰ কন্ঠত 4 lane 4 lane, পংকজ নেত্ৰিক দাৰ কন্ঠত চাকৰি কৰা দৰা।
আৰু ২০১৭ বৰ্ষত সীমান্ত বৰকাকতি ছাৰৰ তত্ত্বাৱধানত প্ৰাণ পোৱা ভিডিঅ’ গীত খুবেই জনপ্ৰিয় হোৱা  *চাকৰি কৰা দৰা গীতৰ বাবে ইবু টানবীৰে ৰ’দালি এৱাৰ্ড ২০১৭ বৰ্ষত উদীয়মান অভিনেতা বঁটাৰ লগতে *Sunrise Awards 2017ত শ্ৰেষ্ঠ অভিনেতা(video song)*
খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
২০১৩ ৰ পৰা শিৱসাগৰত তেওৰ এখনি নিজাববিয়া নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰৰো আৰম্ভ কৰে যাৰ নাম “THE RISING STARS “
তেওঁৰ শিল্পী সমাজৰ এই যাত্ৰা সদায় অতিবাহিত হৈ থকাৰ বাবে সকলোৰে ওচৰত আৰ্শীবাদ বিছাৰে।
তেওঁ যেন আৰু আগুৱাই যায় । তাকে কামনা কৰিলোঁ।
✍ প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *