0 00 6 yrs 217

আনদিনাৰ দৰে আজিয়ো আহিছোঁ

আঁহতজোপাৰ তললৈ
আবেলিৰ সময়কণ উপভোগ কৰিবলৈ,
মনত মোৰ চৰম প্ৰাপ্তি
ক্ষন্তেক সময়ৰ পাছতেই শুনিবলৈ পাম
বেলিটোৰ মুখত তোমাৰ কথা,
অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ সেই সময়খিনিলৈ…..
পথাৰৰ সেউজীয়া শস্যবোৰ
এতিয়া নিমাত হৈ পৰিছে
সিহঁতৰো ছাগে বহু আশা আছিল
সূৰ্যাস্তৰ দৃশ্যটো উপভোগ কৰিবলৈ,
কিন্তু সিহঁতৰ ভাষা বুজিবই বা কোনে….
নদীখনৰ সিপাৰে থকা হাবিখনৰপৰা
জয়াল ফেঁচাৰ মাত ভাঁহি অহা যেন লাগিছে,
আবেলিৰ বেলিটোৱে আজি লুকাভাকু খেলিছে দেখোন,
আজি নাপাম নেকি তোমাৰ কথা শুনিবলৈ,
নাই এনে হব নোৱাৰে
তোমাৰো যে নিবিড় সম্পৰ্ক আছিল
আবেলিৰ বেলিটোৰ সতে….
প্ৰকাণ্ড মেঘৰ গাজনিয়ে পৃথিবীখন যেন
চিৰাচিৰ কৰি পেলাব
ধাৰাষাৰ বৰষুণে মোক তিয়াই পেলাব,
ক্ষন্তেক সময়ৰ পাছতেই মই উভতি যাম অহা বাটেৰে
এটি বিষাক্ত মন লৈ…..

Leave a Reply

Your email address will not be published. Required fields are marked *