0 00 1 min 5 yrs 127
     লপ পাছত তাই একেজাপে বিচনাৰ পৰা উঠি বহিল , তাই গোটেই শৰীৰটোত এটা অনামী শিহৰণে চুই গ’ল ৷ হয় , এইয়া চোন পাঁচ বছৰৰ আগতে নিৰুদ্দেশ হোৱাৰ  তাইৰ দেউতাকৰ মাত ,এই মাতটো অতি চিনাকি মাত । তাই অন্তৰৰ সমস্ত কথাখিনি প্ৰকাশ কৰিব নোৱাৰি কিছু সময়ৰ বাবে  বোবা হৈ পৰিল…  ৷
পাঁচ বছৰৰ আগতে সদায় শুনি থকা মাতটো আজি পাঁচটা বছৰৰ পাছত তাই আকৌ শুনিবলৈ পাইছে ৷
যিজন দেউতাৰ আঙুলিত ধৰি খোজ কাঢ়িব শিকিছিল, যাৰ বুকুৰ উমত শুই শৈশৱ পাৰ কৰিলে…তাইৰ মৰমৰ দেউতাৰ সেই মাতষাৰ আজি পুৱাতে শুনা পালে ৷ আজিৰ পৰা পাঁচ বছৰৰ আগতে তাঁহাতক একো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ পুলিচ থানা আদি কৰি মিতি কুটুমলৈকে বিচাৰি হাবাথুৰি খাই দেউতাকৰ সন্ধান নাপালে ৷
মনিৰ দেউতাকৰ এটা ভাল স্বভাৱ আছিল , তেওঁৰ প্ৰতিটো জৰুৰী কথা ডায়েৰীত লিখি ৰাখিছিল ৷ এদিন আবেলি  মনিৰ পৰা তাইৰ ফোনৰ  নম্বৰটো বিচাৰিলে আৰু তেওঁ ডায়েৰীত  লিখি থ’লে ৷ সেয়েহে হয়তো আজি ইমান বছৰৰ মুৰত দেউতাকে  তাইলৈ ফোন কৰিব পাৰিলে ৷ ঘৰৰ পৰিয়ালে তথা তাইৰ মাকেও কোনোদিনেই ভবা নাছিল দেউতাক জীয়াই আছে বুলি , তাইও কোনোদিনে আশা কৰা নাছিল আকৌ এদিন দেউতাৰ মুখত সোন বুলি মতা মাতষাৰ শুনিব বুলি ৷  সেইকণ সময়তে অনৰ্গল ভাৱে সুধি গ’ল ঘৰৰ সকলোৰে কথা , তাৰ মাজতে দেউতাকে মাকৰ কথা বৰ থোকাথুকি মাতেৰে সুধিলে “মাৰা ভালে আছেনে !” বুলি ।
হয় , দেউতাক নোহোৱাৰ পৰা তাইৰ মাক জীৱিত শৰ হৈ জীৱন-যাপন কৰি গৈছে ৷ সমাজৰ ককৰ্থনাবোৰ পি খাই যুজি গৈছে জীৱন যুদ্ধত ৷ বুকুৰ মাজত সদায়ে মঞ্চস্থ হৈ আহিছিল তাইৰ লগতে ভাই-ভনি দুটাক লৈ জীয়াই থকা এখন বিফল নাটক ৷ যিখন নাটকৰ পৰিচালনা কৰিছিল এখন অন্ধ সমাজে ৷ সেই সমাখনে মনিহঁতৰ ঘৰখনক দিয়া বিভিন্ন অপ্ৰবাদৰ কলা মেঘ আজি আঁতৰাই পঠালে ডায়েৰীত লিখিৰখা সেই নম্বৰটোৱে….॥

তেতিয়া ৰাতিপুৱা সময় কিমান হৈছিল মনিৰ ঠিক মনত নাই ৷ তাই ফোনৰ ৰিংটনত সাৰ পালে ৷ এটি অচিনাকি নম্বৰ , কৰোঁ নকৰোঁকৈ তাই ফোনটো ৰিচিভ কৰিলে ৷ সিফালৰ পৰা ৰিণি-ৰিণিকৈ অহা চিনাকি- অচিনাকি মাত, ইমান চিনাকি অথচ তাই চিনি পাবলৈ কষ্ট হৈছে ৷ মাতটোৰ পৰিচয়ৰ সন্ধানত তাই পুৱাৰ আমেজভৰা টোপনিটো ত্যাগ কৰিলে ৷ ফোনৰ আনটো মুৰৰ পৰা সেই মাতটোৱে দুই এটা প্ৰশ্ন সুধি থাকিল !

পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *