ৰাজনীতি-ৰাজনীতি
স্বদেশৰ প্ৰেম-প্ৰীতি
বিধে-বিধে ইয়াতেই হয়,
কাৰোবাৰ ৰঙা-নীলা
কাৰোবাৰ সেউজীয়া
ই পিছে শুকোলা নহয় ;
স্বদেশৰ প্ৰেম-প্ৰীতি
বিধে-বিধে ইয়াতেই হয়,
কাৰোবাৰ ৰঙা-নীলা
কাৰোবাৰ সেউজীয়া
ই পিছে শুকোলা নহয় ;
সপোণ ৰচনা কৰি
সচা ৰূপ দিও বুলি
সপোণত দুহাত বুলাই,
দুহাত ৰঙীন কৰি
দেশৰ পূজাৰী সাজি
দিয়ে সবে প্ৰতীজ্ঞা বিলাই;
সচা ৰূপ দিও বুলি
সপোণত দুহাত বুলাই,
দুহাত ৰঙীন কৰি
দেশৰ পূজাৰী সাজি
দিয়ে সবে প্ৰতীজ্ঞা বিলাই;
থাকক বা নাথাকক
স্বদেশৰ প্ৰতি “খক”
এই নীতি সবাৰো আপোণ,
সচাকে কৈচো হলে
কিবাকৈ লগ পালে
বুটলিব চোতালতে সোণ;
স্বদেশৰ প্ৰতি “খক”
এই নীতি সবাৰো আপোণ,
সচাকে কৈচো হলে
কিবাকৈ লগ পালে
বুটলিব চোতালতে সোণ;
মোৰ দেশ মোৰ মাটি
কথাবোৰ লটি ঘটি
হৈ পৰে স্ব-দেশ প্ৰেমত,
ক’ত যে প্ৰতি-শ্ৰুতি
কথাতেই যায় উটি
জাহ যায় কথাৰ সোঁতত;
কথাবোৰ লটি ঘটি
হৈ পৰে স্ব-দেশ প্ৰেমত,
ক’ত যে প্ৰতি-শ্ৰুতি
কথাতেই যায় উটি
জাহ যায় কথাৰ সোঁতত;
ধনৰ ব’ল নালাগে
মনৰ ব’লহে লাগে
ৰাজনীতিত ভৰি দিবলৈ
যিয়েই হওক অভিপ্ৰায়
তাক লৈ একো নাই
লাগে মাথো কথা বলাবলৈ
মনৰ ব’লহে লাগে
ৰাজনীতিত ভৰি দিবলৈ
যিয়েই হওক অভিপ্ৰায়
তাক লৈ একো নাই
লাগে মাথো কথা বলাবলৈ
মন্ত্ৰী এম এল এ সাজি
দেখুৱাই কাৰচাজি
আপোন পেট আগে পুৰাই
অঙহী বঙহী বাছি
সিহতক দিয়ে জাচি
এনেকৈয়ে হুতাহ পলাই;
দেখুৱাই কাৰচাজি
আপোন পেট আগে পুৰাই
অঙহী বঙহী বাছি
সিহতক দিয়ে জাচি
এনেকৈয়ে হুতাহ পলাই;
সাধাৰণ জনতাই
ৰৈ থাকে বাট চাই
ৰাজনীতিৰ মুখলৈ চাই,
এয়ানো কেনুৱা নীতি
নাই দেখো প্ৰেম প্ৰীতি
দিয়ে মাথো আশাহে বিলাই;
ৰৈ থাকে বাট চাই
ৰাজনীতিৰ মুখলৈ চাই,
এয়ানো কেনুৱা নীতি
নাই দেখো প্ৰেম প্ৰীতি
দিয়ে মাথো আশাহে বিলাই;
ধৰ ধৰ মাৰ মাৰ
ৰাজনীতিত হাঁহাকাৰ
প্ৰেম প্ৰীতি নাথাকে ইয়াত,
ভাতৃ প্ৰেম ভগ্নী প্ৰেম
পিতৃ প্ৰেম মাতৃ প্ৰেম
জাহ যায় ঘৃণাৰ মেলাত ;
ৰাজনীতিত হাঁহাকাৰ
প্ৰেম প্ৰীতি নাথাকে ইয়াত,
ভাতৃ প্ৰেম ভগ্নী প্ৰেম
পিতৃ প্ৰেম মাতৃ প্ৰেম
জাহ যায় ঘৃণাৰ মেলাত ;
ৰাজনীতি কৰিবলে
সাহস গোটাব লাগে
কাতি কৰি লাজ মান ভয়
ইয়াৰ সোবাস পালে
সৰু লোক বৰ হয়
এই কথা সকলোৱে কয়
সাহস গোটাব লাগে
কাতি কৰি লাজ মান ভয়
ইয়াৰ সোবাস পালে
সৰু লোক বৰ হয়
এই কথা সকলোৱে কয়
সেয়ে কও ৰাজনীতি
ৰং সনা স্বদেশ প্ৰীতি
সকলোৱে জানি লোৱা ভাল
কালৰো কাল মহাকাল
মনিষৰ জমকাল
জানি শুনি নহবা মাতাল
ৰং সনা স্বদেশ প্ৰীতি
সকলোৱে জানি লোৱা ভাল
কালৰো কাল মহাকাল
মনিষৰ জমকাল
জানি শুনি নহবা মাতাল
সুৰজিত
গোলাঘাট
ম.নং.৮৮৭৬২৭৯৫৯
গোলাঘাট
ম.নং.৮৮৭৬২৭৯৫৯