ঘৰতে পকৰি চাটনি আদি খাৱৰ বাবে প্ৰয়োজন হোৱা পাতকেইটাৰ বাবেই কেইটামান পিঁয়াজ লগাওঁ বুলি মাটিখিনি সাজু কৰি লওঁতেই জৰুৰী কাম এটা মনত পৰাত যাবলৈ ওলাই মানুহজনে পত্নী নিৰ্মলাকে পাৰে যদি কামটো কৰি থবলৈ ক’লে। নিজকে সদায় দহ পূৰা মাটিৰ খেতিয়কৰ জীয়ৰী বুলি ফুটনি মৰা নিৰ্মলাইয়ো যথাযথ পিঁয়াজবোৰ দি থলে।
সাৰ পানী সকলো ঠিকমতে দি থকাটো কেইবাদিনলৈ এটাও পিঁয়াজৰ পোখা নোলোৱাত মানুহজনে পৰুৱা লাগিছে নেকি উঠাই চাওঁতেহে দেখে পিঁয়াজৰ শিপা থকা গুৰি অংশ নহয় আগটোৰ অৱশিষ্টহে মাটি পানীত মিহলী হৈ গেল গেলীয়া দিছে।
কি কৰোঁ কি নকৰোঁ ভাবি বেচেৰা মানুহজনে কৃষককন্যা পত্নীক চিঞৰি কাষলৈ মাতিলে।
———————-
ৰূপজ্যোতি গগৈ ।