0 00 1 min 5 yrs 99
অচিনাকি তুমি কোন দূৰৰ পথিক
আছে জানো তোমাৰ প্ৰকৃত ঠিকনা ?
সম্ভৱ নহয় কাহানিও তোমাৰ দৰ্শন
মাথোঁ ..
বিনিময় এটি-দুটি শব্দৰ জালেৰে
তথাপি ..
মোৰ কোমল কলিজাই
কেৱল বিচাৰে তোমাক , ওচৰত
বহুত ওচৰত |
হৃদয়ৰ উকা কাগজত গাঁঠো
লাগো লাগো কৈ নলগা বৰ্ণৰ মালা
মৃদু অনুভূতিৰ এক অজান শিহৰণ
হয়তো মোৰ পৰা তোমালৈ
নতুবা..
তোমাৰ পৰা এই ধৰা মোলৈ
এক ঘূৰ্ণীয়মান প্ৰক্ৰিয়া |
তোমাৰ-মোৰ ভৌগোলিক  দূৰত্ব কিমান
জনাৰ মোৰ প্ৰয়োজনীয়তা নাই !
শব্দই জানো বুজিব ?
মই এটাই জানো ..
তুমি বতাহৰ দৰে স্বাধীন
বৰষুণৰ দৰে সজল
ৰ’দৰ কিৰণৰ দৰে উদাৰ
তোমাৰ বিস্ফোৰণত হেজাৰ মৃত্যু
প্ৰসন্ন হয় এক জীৱন্ত শিল্প |
তোমাৰ মায়াৰে সঁজা মোৰ এটি সাঁকো
তাৰেই বগাই সন্ধান এটি সৰু পঁজা
য’ত পাওঁ মই তোমাৰ সান্নিধ্যৰ
দুখৰ চকুলোৰ আঁৰত
তোমাৰ এপলক কোমল চাৱনি |
ভয় হয় ..
জানোচা কোনোবাই কয় তোমাক
“মোৰ” বুলি !
তেতিয়া সঁচাকৈ
মই যেন  বৰফৰ দৰেই
জীয়াই থাকিম
এটি  অব্যৱহৃত শব্দৰ টুকুৰা হৈ |
             “”””””””””””””””””””

Leave a Reply

Your email address will not be published. Required fields are marked *