0 00 1 min 5 yrs 108
  

      বোকাখাত আবকাৰী আৰু গোলাঘাট আবকাৰী বিভাগৰ বৃহত সাফল্য।অৰুনাচলৰ বান্দৰদোৱা পৰা তেজুলৈ সৰবৰাহ নকৰি ডিমাপুৰলৈ চোৰাংকৈ নিয়াৰ অভিসন্ধি কৰা ৩৬ লাখ টকাৰ অৰুনাচলী সুৰা জব্দ কৰে। ৩৬০০ টা কাৰ্টুন বিদেশী সুৰা আছিল তিনিখন ট্ৰাকত। গাড়ী কেইখনৰ নম্বৰ NL.07-A8375,NL,.01K-4597, NL.07A-5997। তিনিখন সুৰা ভৰতি ট্ৰাক জব্দ কৰাৰ লগতে তিনি খন ট্ৰাকৰ চালক আৰু পৰিচালকক আবকাৰী বিভাগে আটক কৰি সুৰাখিনি জব্দ কৰিছে। আবকাৰী বিভাগে সুৰা পৰিবাহী গাড়ীকেইখনৰ খবৰ আগতিয়াকৈ গম পাই কালিৰ  পৰা একেৰাহে  ৩৬ ঘণ্টা অভিযান চলাই গাড়ী কেইখন জব্দ কৰিবলৈ সক্ষম হয়। অৰুনাচলৰ  বান্দৰদোৱাৰ পৰা অৰুনাচলৰ তেজুলৈ নিব লগা সুৰা খিনি যাতায়তৰ বাবে আবকাৰী বিভাগে পথ নিৰ্ধাৰণ কৰি দিছিল বগীবিল ডিব্ৰুগড় হৈ তেজুলৈ। উল্লেখ্য যে সুৰা খিনি তেজুলৈ নিয়াৰ পৰিবৰ্তে কৌশলেৰে ডিমাপুত বিক্ৰী কৰাৰ বাবে পৰিকল্পনা কৰিছিল। অভিযানটোৰ নেতৃত্ব দিছিল বোকাখাত আবকাৰী পৰিদৰ্শক শান্তনু হাজৰীকা, গোলাঘাট আবকাৰী বিভাগৰ বিষয়া নিৰঞ্জন দাস, আৰু নৱনিত আগৰৱালাই । ৩৬ ঘন্টা অভিযানৰ পাছত আজি নুমলীগড়ত তিনিখন গাড়ী জব্দ কৰে। সুৰাখিনি সৰবৰাহ কৰা পথ নিৰ্দেশনা ভংগ কৰাৰ অপৰাধত আবকাৰী আইন 53(1)ধাৰাত সুৰাখিনি জব্দ কৰিছে। তিনিখন গাড়ীত থকা সুৰাখিনিৰ মূল্য প্ৰায় 46 লাখ টকা হব বুলি জানিব দিয়ে।

পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *